আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি সংস্থা ইৰেনাৰ ১৬ সংখ্যক অধিৱেশনৰ কালি সামৰণি পৰে। তিনিদিনীয়া আলোচনাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৫০০ ৰো অধিক মন্ত্ৰী, জ্যেষ্ঠ বিষয়াসকল, ব্যৱসায়ী আৰু অংশীদাকসকলেও অংশগ্ৰহণ কৰে। অধিৱেশন উদ্বোধন কৰি ইৰেনাৰ সঞ্চালক প্রধান ফ্রান্সেস্কো লা কেমেৰাই কেৱল জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকবিলা কৰাই নহয় অর্থনৈতিক বৃদ্ধি, নিৰাপত্তা আৰু প্রতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে দেশসমূহক নৱীকৰণযোগ্য শক্তি কৌশল শক্তিশালী কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভৱিষ্যতৰ অৰ্থনৈতিক শক্তি সম্ভৱপৰ নিম্নতম খৰচত পৰিষ্কাৰ, নিৰাপদ আৰু সুলভ শক্তি প্ৰদানৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যিবোৰ দেশে আগতীয়াকৈ এই দিশত আগবাঢ়িব সেইবোৰ দেশে উৎপাদনশীলতাৰ স্থায়ী সুবিধা লাভ কৰিব। ভাৰতৰ হৈ কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অধিৱেশনত অংশগ্ৰহণ কৰি কৃষি আৰু খাদ্য ব্যৱস্থাত নৱীকৰণযোগ্য শক্তিক একত্ৰিত কৰাৰ বাবে দেশৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ভাৰত এই সংস্থাৰ অন্যতম প্রতিস্থাপক সদস্য।
Site Admin | January 13, 2026 6:18 PM | Akashvani | Akashvani News
আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি সংস্থা ইৰেনাৰ ১৬ সংখ্যক অধিৱেশনৰ কালি সামৰণি