মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে অসম চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, পদ্ম বিভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক আজি প্ৰদান কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ড° মানসিঙক ২০২৩ বৰ্ষৰ এই বঁটা প্ৰদান কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপাল শ্রী আচাৰ্যই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক আলোকদ্ৰষ্টা আৰু সাংস্কৃতিক সংস্কাৰক বুলি উল্লেখ কৰি তেওঁৰ মহানকর্মই ভৌগোলিক সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় একতাৰ নিদৰ্শন হিচাপে পৰিগণিত হৈছিল বুলি উল্লেখ কৰে। অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ লগতে সামাজিক সমতা স্থাপন আৰু কলা, সংগীত, নাট তথা দৰ্শনেৰে ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াত মহাপুৰুষজনাই উল্লেখনীয় ভূমিকা লৈছিল বুলি শ্ৰী আচার্যই উল্লেখ কৰে। অসম চৰকাৰে এই বঁটা প্ৰদানৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক তেওঁ প্ৰশংসা কৰে। এই বঁটা ড° সোনাল মানসিঙৰ ভাৰতীয় ঐতিহ্যৰ সংৰক্ষণৰ প্ৰতি গ্ৰহণ কৰা জীৱনজোৰা প্ৰচেষ্টালৈ আগবঢ়োৱা সন্মান বুলিও তেওঁ উল্লেখ কৰে। নতুন প্ৰজন্মক এই গৰাকী শিল্পীৰ কেইবা দশকজোৰা সাধনাৰে উৎসাহিত হ’বলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় শাস্ত্রীয় নৃত্যৰ সাধনা, প্ৰচাৰ আৰু প্ৰসাৰত অগ্রণী ভূমিকা লোৱা ড° সোনাল মানসিঙে সামাজিক দায়বদ্ধতাও পালন কৰি আহিছে বুলি উল্লেখ কৰে। এই বঁটা তেওঁৰ অনন্য প্ৰতিভাৰ প্ৰতি প্ৰকৃতি সন্মান আৰু স্বীকৃতি বুলি তেওঁ উল্লেখ কৰে। বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিলা সৱলীকৰণ, সামাজিক ন্যায় আৰু পৰিৱেশ সচেতনতাৰে নিদৰ্শন দাঙি ধৰা তথা কলাক অনবদ্য মানলৈ উন্নীত কৰা প্ৰসিদ্ধ নৃত্য শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰি অসমবাসী গৌৰৱান্বিত বুলি মন্তব্য কৰে। অসংখ্য ভাৰতীয়ৰ প্ৰেৰণাৰ স্রোতস্বৰূপ তেওঁ জীৱন আৰু নৃত্য সাধনাই সমাজ জীৱনক উদ্ভাসিত কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। এই অনুষ্ঠানতে ড° শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় আৰু সামাজিক সংস্কাৰ তথা ভক্তিবাদৰ মাধ্যমেৰে সামাজিক আৰু গণতান্ত্ৰিক প্ৰমূল্য প্রোথিত কৰাৰ প্ৰচেষ্টাৰ বিষয়েও আলোকপাত কৰে।
অনুষ্ঠানত পদ্ম ভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামীৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে অসমত আধ্যাত্মিক নৱজাগৰণৰ সূচনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজী বিশ্বৰ প্ৰেক্ষাপটত দাঙি ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিলৈ এই বঁটা আগবঢ়াই আহিছে। এই বঁটাত নগদ ধনৰ উপৰি এখন প্ৰশংসা পত্র, এটা সোণৰ পদক, এখন শৰাই আৰু অংগবস্ত্ৰ আগবঢ়োৱা হয়। ২০০৮ চনৰ পৰা প্ৰতি ৩ বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰি অহা হৈছে।
Site Admin | June 12, 2025 7:25 PM | sonal manshing sankardev award
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড০ সোনাল মানসিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্রদান