■ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে অসম চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, পদ্ম বিভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক আজি প্ৰদান কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ড° মানসিঙক ২০২৩ বৰ্ষৰ এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পদ্ম ভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামীৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিতথাকে। বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে অসমত আধ্যাত্মিক নৱজাগৰণৰ সুচনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজী বিশ্বৰ প্ৰেক্ষাপটত দাঙি ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিলৈ এই বঁটা আগবঢ়াই আহিছে। এই বঁটাত নগদ ধনৰ উপৰি এখন প্ৰশংসা পত্র, এটা সোণৰ পদক, এখন শৰাই আৰু অংগবস্ত্ৰ আগবঢ়োৱা হয়। ২০০৮ চনৰ পৰা প্ৰতি ৩ বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰি অহা হৈছে। আজিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে মহিলা সৱলীকৰণ, সামাজিক ন্যায় আৰু পৰিৱেশ সচেতনতাৰে নিদৰ্শন দাঙি ধৰা তথা কলাক অনবদ্য মানলৈ উন্নীত কৰা প্ৰসিদ্ধ নৃত্য শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰি অসমবাসী গৌৰৱান্বিত বুলি মন্তব্য কৰে। অসংখ্য ভাৰতীয়ৰ প্ৰেৰণাৰ স্রোতস্বৰূপ তেওঁ জীৱন আৰু নৃত্য সাধনাই সমাজ জীৱনক উদ্ভাসিত কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। এই অনুষ্ঠানতে ড° শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় আৰু সামাজিক সংস্কাৰ তথা ভক্তিবাদৰ মাধ্যমেৰে সামাজিক আৰু গণতান্ত্ৰিক প্ৰমূল্য প্রোথিত কৰাৰ প্ৰচেষ্টাৰ বিষয়েও আলোকপাত কৰে।
Site Admin | June 12, 2025 3:03 PM | Akashvani News | Dr. Sonal Mansingh | Srimanta Sankardev Award
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা
