আন্তঃৰাজ্যিক সীমাবিবাদ সমাধানৰ ক্ষেত্ৰত মিজোৰাম চৰকাৰৰ সহযোগিতা আৰু দায়বদ্ধতাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ কৃতজ্ঞতা

ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই মিজোৰাম আৰু অসমৰ মাজৰ আন্তঃৰাজ্যিক সীমাবিবাদ সমাধানৰ ক্ষেত্ৰত মিজোৰাম চৰকাৰৰ সহযোগিতা আৰু দায়বদ্ধতাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনায়। মন্ত্ৰী শ্ৰী বৰাৰ নেতৃত্বত এটা প্রতিনিধি দলে কালি মিজোৰামৰ ৰাজধানী আইজলত ৰাজ্যখনৰ মুখ্যমন্ত্রী লালডুহোমাক সাক্ষাৎ কৰে। এই বিষয়ে সামাজিক মাধ্যমযোগে শ্ৰী বৰাই কয় যে, সীমা সমস্যাৰ ক্ষেত্ৰত সোহার্দ্যপূর্ণ সমাধান বিচাৰি উলিওৱাৰ দিশত মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিষ্ঠা প্ৰশংসনীয় আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত স্থায়ী শান্তি আৰু প্ৰগতিৰ সূচনা হ’ব। মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগ আৰু অসম চৰকাৰৰ তৎপৰতাত ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধান হ’ব বুলি শ্ৰী বৰাই আশা প্ৰকাশ কৰে। শ্ৰী বৰাই কয় যে, সীমা সমস্যা সমাধান হ’লে সীমান্তৰ ৰাইজে শান্তিৰে বসবাস কৰিবলৈ সক্ষম হ’ব। এই আলোচনাকালত ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে মিজোৰাম চৰকাৰৰ শীৰ্ষ বিষয়াৰ দল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।