ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আন্তঃগাঁথনিত বিনিয়োগ, ডিজিটেল অন্তর্ভুক্তি তথা উন্নীত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত হোৱা উল্লেখনীয় প্ৰগতিৰ প্ৰশংসা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনিত বিনিয়োগ, ডিজিটেল অন্তর্ভুক্তি তথা উন্নীত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত হোৱা উল্লেখনীয় প্ৰগতিৰ প্ৰশংসা কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এক্সত কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই লিখা বিকশিত ভাৰত দৃষ্টিভংগীৰ জৰিয়তে কৰ্ণধাৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ অগ্রগতি শীৰ্ষক এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণিল বস্ত্ৰ খণ্ড, পৰ্যটনৰ সা-সুবিধা তথা পৰম্পৰাগত হস্তশিল্পক উজলাই তোলা অষ্টলক্ষ্মী মহোৎসৱক প্ৰশংসা কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত অষ্টলক্ষ্মী মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ সৌন্দৰ্য, বিচিত্ৰতা তথা সম্ভাৱনা প্ৰদৰ্শনৰ লক্ষ্য লোৱা হৈছে। এই মহোৎসৱত আঢ়ৈশতকৈও অধিক শিল্পীয়ে অনন্য হস্তশিল্প, বস্ত্রশিল্প তথা কৃষি আৰু উদ্যান শস্যজাত সামগ্ৰীৰ প্ৰদৰ্শন কৰিছে। এই মহোৎসৱৰ আজি সামৰণি পৰিব।