প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি তথ্য যোগাযোগ প্রযুক্তি আধাৰিত বহুপাক্ষিক মঞ্চ ‘প্ৰগতি’ৰ ৪৬ সংখ্যক বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৩টা পথ প্রকল্প, দুটাকৈ ৰে’ল আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ প্রকল্পকে ধৰি মুঠ ৮টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰ্যালোচনা চলোৱা হয়। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই প্রকল্পসমূহৰ বাবদ প্রায় ৯০ হাজাৰ কোটি টকা ব্যয় হ’ব। বৈঠকত শ্ৰী মোদীয়ে সকলো মন্ত্ৰ্যালয় আৰু বিভাগক বায়’মেট্ৰিক আধাৰিত আধাৰ প্ৰমাণিকৰণ অথবা সত্যাসত্য নিৰূপণৰ জৰিয়তে হিতাধিকাৰীসকলক চিনাক্ত কৰিবলৈ নির্দেশ দিয়ে। তেওঁ লগতে প্রধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ সৈতে অতিৰিক্ত কাৰ্যসূচীক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনাৰ অন্বেষণ কৰিবলৈও আহ্বান জনায়। প্রধানমন্ত্রী মোদীয়ে সর্বাত্মক আৰু ভৱিষ্যমুখী পৰিকল্পনাৰ বাবে প্রধানমন্ত্ৰী গতি শক্তি আৰু অন্য সংহত মঞ্চসমূহৰ দৰে মাধ্যমসমূহ শক্তিশালী কৰি তোলাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে সকলো পক্ষকে সংশ্লিষ্ট তথ্য ভাণ্ডাৰসমূহ নিয়মীয়াভাৱে আপডেট কৰিবলৈ আহ্বান জনায়, কিয়নো সঠিক সিদ্ধান্ত গ্ৰহণ আৰু ফলপ্ৰসূ পৰিকল্পনাৰ বাবে নিৰ্ভৰযোগ্য আৰু শেহতীয়া তথ্য অতিকে জৰুৰী।
Site Admin | May 1, 2025 11:39 AM | PM Waves
আধাৰ প্ৰমাণিকৰণৰ জৰিয়তে হিতাধিকাৰীক চিনাক্ত কৰিবলৈ প্রধানমন্ত্ৰীৰ নির্দেশ
