ডাউনলোড
মোবাইল এপ

android apple
signal

আদর্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰ উচিত সিদ্ধান্ত বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ মত প্ৰকাশ

ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰৰ উচিত সিদ্ধান্ত বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। গুৱাহাটীত কালি এই কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অভিজ্ঞ শিক্ষক নথকা বাবে বর্তমান আদর্শ মহাবিদ্যালয়সমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই মহাবিদ্যালয়সমূহক সঠিক দিশত নেতৃত্ব দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে অভিজ্ঞ শিক্ষক নথকা বাবে আদৰ্শ মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত শিক্ষকসকলৰ বাবে মহাবিদ্যালয়ৰ কামকাজ আগবঢ়াই নিয়াতো যথেষ্ট কঠিন হৈছে। এনে পৰিস্থিতিত মহাবিদ্যালয়সমূহক কম সময়ত আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ইতিবাচক। অৱশ্যে ৰাজ্যৰ আন মহাবিদ্যালয়সমূহত এই ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে। মহাবিদ্যালয়ত শিক্ষকৰ বদলিকৰণৰ ব্যৱস্থা নথকাৰ বাবে আন মহাবিদ্যালয়ৰ পৰা যিহেতু জ্যেষ্ঠ শিক্ষক আনিব পৰা নাযায় সেয়ে অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মডেল কলেজসমূহত নতুন পদ সৃষ্টি কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

অধিক পঢ়ক

সকলো চাওক