ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আঞ্চলিক ভাষাসমূহৰ প্ৰসাৰৰ হকে প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ চৰকাৰে প্ৰকাশ কৰি অহা দায়বদ্ধতাৰ কথা উল্লেখ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তামিল ভাষাকে ধৰি আঞ্চলিক ভাষাসমূহৰ প্ৰসাৰৰ হকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখনে প্ৰকাশ কৰি অহা দায়বদ্ধতাৰ বিষয়ে পুনৰ উল্লেখ কৰিছে। থক্কোলামত আজি কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চি আই এছ এফৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে।

গৃহমন্ত্ৰীগৰাকীয়ে চিকিৎসা সেৱাৰ পাঠ্যক্ৰমত তামিল ভাষাৰ অন্তৰ্ভুক্তিৰ বাবে দুবছৰ ধৰি দাবী উত্থাপিত হৈ অহা সত্ত্বেও এই ব্যৱস্থা আৰম্ভ নকৰা বাবে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনক সমালোচনা কৰে। শ্ৰী মোদী নেতৃত্বাধীন চৰকাৰখনে ২০২৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, যে ৰাষ্ট্ৰৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈ অহা চি আই এছ এফ, দেশৰ জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ সংস্থা হিচাপে পৰিগণিত হৈছে। একে সময়তে, তামিলনাড়ুৱে দেশৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয়, যে চৰকাৰে ৰাজাদিত্য চোলানৰ গৌৰৱ গাঁথাক স্বীকৃতি দিয়াৰ লগতে চি আই এছ এফৰ আঞ্চলিক প্রশিক্ষণ কেন্দ্ৰটোক তেওঁৰ নামেৰে নামকৰণ কৰিছে।