ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 14, 2024 8:01 PM | LOK ADALOT

printer

আজি ৰাষ্ট্ৰীয় লোক আদালতত কামৰূপ মহানগৰ জিলাৰ ৪,৪৫৬টা গোচৰ নিষ্পত্তি

জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় লোক আদালত কামৰূপ মহানগৰ জিলাৰ ৪ খন আদালতত চলি থকা দেৱানী, ফৌজাদাৰী, পাৰিবাৰিককে ধৰি অন্যান্য ২৫ হাজাৰ ৯৮২ টা গোচৰৰ ৪ হাজাৰ ৪৫৬ টা গোচৰ নিষ্পত্তি কৰা হয়।

ধুবুৰী জিলা ন্যায়িক আদালতত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত ৰাষ্ট্ৰীয় লোক আদালতত বেংক ঋণ আৰু বিদ্যুৎ বিল আদায়কে ধৰি এহেজাৰ ৯৫০ টা গোচৰ নিষ্পত্তি কৰা হয়। গোচৰ নিষ্পত্তিৰ জৰিয়তে ২ কোটি ৮৩ লাখ ৫০ হাজাৰ ৫৫৩ টকা সংগ্ৰহ কৰা হয়।

ইপিনে, মাজুলী জিলাত আইন সেৱা প্ৰাধিকৰণ আৰু জিলা ন্যায়পালিকাৰ সহযোগত জিলাখনৰ কেইবাখনো আদালতত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। জিলাখনৰ ৰাষ্ট্ৰীয় লোক আদালতত এহেজাৰ ১১৬ টা গোচৰ ধাৰ্য কৰা হৈছিল। তাৰে ২৯৮টা গোচৰ নিষ্পত্তি হয় আৰু মুঠ ১৫ লাখ ২৪ হাজাৰ ৮৪৪ টকা আহৰণ কৰা হয়।