আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পৰ্কে সজাগ, সচেতন কৰাৰ বাবে এই দিৱস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন সাহসী বিশ্বত সাংবাদিকতা-সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণ মাধ্যমৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ প্রভাব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত স্বাধীন, দায়িত্বশীল আৰু নিৰ্ভিক সংবাদমাধ্যম গণতন্ত্ৰৰ অন্যতম মুখ্য স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে বুলি উল্লেখ কৰে। তেওঁ প্ৰেছ দিৱস উপলক্ষে সততা, নৈতিকতা আৰু জনসাধাৰণৰ আস্থা অটুট ৰাখি প্ৰকৃত তথ্যৰে ৰাইজক সজাগ আৰু শক্তিশালী কৰি তোলা সংবাদ কৰ্মীসকলক অভিনন্দন জ্ঞাপন কৰিছে। অসমতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক ভিত্তিত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে।
প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাবে চাৰিগৰাকী প্ৰবীন সাংবাদিক প্ৰেমধৰ শৰ্মা, হায়দৰ হুছেইন, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা আৰু কনক সেন ডেকাক নিজ বাসগৃহত সম্বর্ধনা জ্ঞাপন কৰিব।
দৰং জিলাতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন কৰা হৈছে। জিলা প্রশাসন আৰু তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত দিনৰ চাৰে ১০ বজাৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত কেইবাগৰাকীও সাংবাদিকক সম্বর্ধনা জ্ঞাপন কৰা হ’ব বুলি উদ্যোক্তাসকলে প্রকাশ কৰিছে।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আজি শিৱসাগৰ জিলাত দুটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা সাংবাদিক সন্থাই চিত্রাংকণ প্রতিযোগিতা আৰু শিৱসাগৰ প্ৰেছ ক্লাবে প্রয়াত সংবাদিকসকলৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।
তিনিচুকীয়া জিলাতো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিবস অনুষ্ঠিত হ’ব। জার্নেলিষ্ট ইউনিয়ন অব আছামৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বাৰেকুৰিত দিনজোৰা কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আলোচনাৰ অনুষ্ঠান, সাংবাদিক আৰু উদ্যমী খেতিয়কক সম্বর্ধনা আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া জিলা প্রশাসনৰ উদ্যোগত জিলাখনৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত প্ৰেছ দিৱসৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মন্ত্রী ৰূপেশ গোৱালাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষানো উপলস্থিত থাকিব। এই কার্যসূচীত জ্যেষ্ঠ সাংবাদিক, লেখক অমূল্য খাটনিয়াৰে ভুল তথ্যৰ বৰ্ধিত সৰবৰাহৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা ৰক্ষাৰ বিষয়ত বক্তৃতা আগবঢ়াব।