আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

স্বচ্ছ আৰু মেধা ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত ১৬ গৰাকী যান্ত্ৰীক অভিযন্তা, ১১ গৰাকী বৈদ্যুতিক অভিযন্তা, ৮ গৰাকী জনস্বাস্থ্য অভিযন্তা, ৬ গৰাকী পৰিৱেশিক অভিযন্তা আৰু ২ গৰাকী ব্যৱহাৰিক অভিযন্তা আছে। দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি বিয়লি ৩ বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰিব। অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।