আজি শিৱাজী মহাৰাজৰ ৩৯৫ সংখ্যক জন্ম জয়ন্তী পালন

মহান মাৰাঠা যোদ্ধা,ৰজা ছত্রপতি শিৱাজী মহাৰাজৰ ৩৯৫ সংখ্যক জন্ম জয়ন্তী আজি পালন কৰা হৈছে। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ শিৱনেৰী দুৰ্গত ১৬৩০ চনত জন্ম গ্রহণ কৰা ছত্রপতি শিৱাজীয়ে মাৰাঠা সাম্ৰাজ্যৰ ভেটি স্থাপন কৰি মোগল শাসনক প্রত্যাহ্বান জনাইছিল। তেওঁৰ প্ৰগতিশীল নেতৃত্ব,সামৰিক বুদ্ধিমত্তা,সাহস,প্ৰজ্ঞা আৰু স্বৰাজ্যৰ বাবে থকা অদম্য সাধনাৰ বাবে ছত্রপতি শিৱাজীক বহুলভাৱে প্ৰশংসা কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছত্রপতি শিৱাজীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোডীয়ে কয় যে শিৱাজীৰ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বই স্বৰাজ্যৰ ভেটি স্থাপন কৰাৰ লগতে প্ৰজন্মৰ পাছত প্ৰজন্মক সাহস আৰু ন্যায়ৰ মূল্যবোধক অক্ষুণ্ণ ৰাখিবলৈ প্ৰেৰণা দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে শিৱাজী মহাৰাজে নাগৰিকসকলক এটা শক্তিশালী,স্বাৱলম্বী আৰু সমৃদ্ধিশালী জাতি গঢ়ি তোলাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে বুলিও উল্লেখ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।