ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 29, 2025 10:32 AM | Durga Puja 2025

printer

আজি শাৰদীয় অকালবোধনৰ মহাসপ্তমী পূজা

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত স্তিমিত উৎসাহ-উদ্দীপনাৰে শাৰদীয় দুর্গোৎসৱৰ আয়োজন কৰা হৈছে। আজি শাৰদীয় অকালবোধনৰ মহাসপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি-নীতিৰে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হয়। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ’ব বুলি বিশ্বাস কৰা হৈছে। শিৱসাগৰ জিলাত ১৭৩৪ চনত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা ২৯১ বছৰীয়া ঐতিহাসিক দেৱী দৌলত আধ্যাত্মিকতাৰ মাজেৰে শাৰদীয় পূজাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, এই দৌলত মহা অষ্টমীৰ প্ৰথম প্ৰসাদ নাগাৰা বজোৱা দৌল্লা পৰিয়াল আক কনচেং বৰপাত্ৰ গোঁহাই পৰিয়ালৰ পৰা আগবঢ়োৱাৰ ৰজাদিনীয়া পৰম্পৰা দৌল উন্নয়ন সমিতিয়ে এতিয়াও অক্ষুণ্ণ ৰাখিছে। ৰাজ্যবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত দেৱী দৌলৰ পূজাত পূৰ্বৰ উছাহ-উদ্দীপনা দেখিবলৈ পোৱা নাই বুলি দৌল সমিতিয়ে জানিবলৈ দিছে। জিলাখনত সৰ্বমুঠ ২৫ খন ৰাজহুৱা পূজা অনুষ্ঠিত হৈছে। পূজা সমিতিসমূহে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই সকলো সাংস্কৃতিক কার্যসূচী বাতিল কৰিছে। ডিব্ৰুগড় জিলাতো জুবিন গাৰ্গৰ বিয়োগে জনসাধাৰণৰ মন সেমেকা কৰি ৰাখিছে যদিও পৰম্পৰাগত ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰা হৈছে। জিলাখনত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ মোমাই তামুলী বৰবৰুৱাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বকুলৰ দুৰ্গা পূজাভাগ অসমীয়া ৰীতি-নীতিৰে পালন কৰা হৈছে। থিয়েটাৰপাৰা মালিপট্টিৰ দুর্গাপূজা সমিতিয়ে এইবাৰৰ পূজা মণ্ডপ কাশ্মীৰৰ পেহেলগামৰ আক্ৰমণক উপস্থাপন কৰি নিৰ্মাণ কৰিছে। মণ্ডপটোত অপাৰেচন সিন্দূৰৰ বিজয় অভিযানৰ আৰ্হি নিৰ্মাণ কৰা হৈছে। ধেমাজি জিলাতো মাংগলিক ৰীতি-নীতিৰে কালি ষষ্ঠীত দেৱী দুর্গাৰ প্রাণ প্রতিষ্ঠাৰে শাৰদীয় পূজা আৰম্ভ হৈছে। আজি সপ্তমী পূজাৰ নৱপত্রিকা স্থাপনৰ পৰম্পৰাও পূজাস্থলীত পালন কৰা হৈছে। জিলাখনৰ জোনাই সার্বজনীন দুর্গা পূজা সমিতিয়ে প্রিয় শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত বিশেষ মণ্ডপ সাজি উলিয়াইছে। শোণিতপুৰ জিলাতো শাৰদীয় দুর্গা পূজা পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে পালন কৰা হৈছে। নলবাৰী জিলাৰ ইতিহাস প্রসিদ্ধ বিশ্বেশ্বৰ দেৱালয়ত হাতীবে আদৰি আনি কালি দেৱীক প্রতিষ্ঠা কৰা হয়। আজি পৰম্পৰাগত ৰীতিৰে সপ্তমী পূজাৰ আয়োজন কৰা হৈছে।

গোৱালপাৰা জিলাৰ বিভিন্ন প্রান্তততো কালি ষষ্ঠী উপলক্ষে পূজাৰ বেদীত দেৱী প্রতিমা স্থাপন কবি শক্তিৰূপিনী দেৱীৰ আবাধনা কৰা হয়। জিলাখনত ১৪৩ খন ঠাইত এইবেলি দুর্গাপূজা অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাৰ জয়ভূম কামাখ্যা মন্দিৰ, টুক্ৰেশ্বৰী দেৱালয়, লক্ষীপুৰ, দুধনৈ, ৰংজুলি, আগিয়াকে ধৰি বিভিন্ন অঞ্চলত জাক-জমকতা অবিহনেই পূজা অনুষ্ঠিত হৈছে। ধুবুৰী জিলাৰ শতাধিক পূজাথলীত এইবাৰ দেৱীক আৰাধনা কৰা হৈছে। জিলাখনৰ ৪০৪ বছৰীয়া গৌৰীপুৰৰ ৰজাঘৰীয়া দুর্গোৎসৱ, বিলাসীপাৰাৰ জমিদাৰবাৰীৰ অষ্টভুজা পূজা আৰু ৪১৩ বছৰীয়া বগৰীবাৰীৰ মা মহামায়া শক্তিপীঠত আজি পাৰস্পৰিক ৰীতি-নীতিৰে সম্পূর্ণ বৈদিক প্রথাত মহাসপ্তমী পূজাব আয়োজন কৰা হৈছে। ৰাক্সা জিলাৰ ইতিহাস প্রসিদ্ধ শ্ৰীশ্ৰী কুজিদেওৰ দেৱালয়ৰ লগতে বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ ৰূপহীত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে পূজাত অংশ লৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শিঙিমাৰী, ফুলবাৰী আদিত আজি সপ্তমীৰ নৱপত্রিকা পূজাৰ আয়োজন কৰা হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো আজিৰেপৰা শাৰদীয় দুর্গাপূজা পালন কৰা হৈছে।  চিৰাং জিলাৰ বিজনী চহৰৰ শিৱশংকৰ কলনি দুর্গাপূজা সমিতিয়ে পূজা মণ্ডপ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি আৰণ্যক বিষয়বস্তু উপস্থাপন কৰিছে। প্ৰকৃতি প্রেমী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায় প্ৰতিটো প্ৰতিমা গছ-লতিকাৰে সজাই পৰাই তোলা হৈছে।