আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বীৰ পুৰুষজনাৰ ৪০৩ সংখ্যক জয়ন্তীত ৰাজ্যবাসীলৈ ওলগ জনাইছে। এই উপলক্ষে ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে ‘বীৰ লাচিত দিৱস’ পালন কৰা হয়। যোৰহাট জিলাৰ হোলোঙাপাৰৰ লাচিত মৈদামত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বৰাই বীৰ পুৰুষ লাচিত বৰফুকনৰ নেতৃত্ব আৰু শৌর্যই অসমৰ স্বতন্ত্রতা অক্ষুণ্ণ ৰাখিছিল বুলি মন্তব্য কৰে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰে। ইয়াৰ লগতে সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক হিতেন্দ্র নাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীও আজিৰ অনুষ্ঠানত উপস্থিত থাকে।
গুৱাহাটী মহানগৰীৰ লাচিত ঘাটত লাচিত সেনাৰ উদ্যোগত আজি লাচিত দিৱস উদযাপন কৰা হয়৷ শৰাইঘাটৰ যুদ্ধৰ স্মৃতি সুঁৱৰি লাচিতঘাটৰ পৰা আগিয়াঠুৰিলৈ এটা নৌকাযাত্ৰা উলিওৱা হয়। আগিয়াঠুৰিত বন্তি প্ৰজ্বলেনেৰে জাতীয় বীজনক শ্ৰদ্ধাঞ্জলি যঁচা হয়।
ধেমাজি, জামুগুৰিহাট আৰু শিৱসাগৰতো লাচিত দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। শিৱসাগৰত এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰা হয়। শোণিতপুৰ
জিলাৰ জামুগুৰিহাটত লাচিত দিৱস উপলক্ষে ৯০ ফুট দৈৰ্ঘ্যৰ এখন প্ৰতীকি নাৱৰে শোভাযাত্ৰা উলিওৱা হয়। ধেমাজিতো টাই-আহোম ছাত্ৰৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বাৰেৰহনীয়া কাৰ্যসূচীৰে বীৰ পুৰুষজনাৰ ৪০৩ সংখ্যক জয়ন্তী উদযাপন কৰা হয়৷