আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰা অনুসৰি মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রামাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি পুৱাতে আৰম্ভ হয়। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰে। মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্রাহকৰো ভিৰ পৰিলক্ষিত হয়।

মাজুলীৰ বিভিন্ন অঞ্চলত আজি ৰাইজে সমূহীয়াভাৱে মাছ ধৰি আনন্দ উপভোগ কৰে। কোকৰাঝাৰ জিলাৰ বজাৰসমূহত আজি ভোগালীৰ উৰুকাৰ বাবে মাছ বিক্ৰেতা আৰু ক্ৰেতাসকলে ভিৰ কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তর্গত বিল, জলাশয়সমূহত মাছ ধৰা ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও ওচৰৰ গাঁওবাসীয়ে নিষেধাজ্ঞা নেওচি জলাশয়সমূহত সমূহীয়াভাৱে মাছ ধৰে।
ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বাৰ্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে।

মুখ্যমন্ত্ৰী ড০ শর্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভোগালী বিহুক কৃষকৰ সমৃদ্ধিৰ প্ৰকাশ বুলি অভিহিত কৰে। তেওঁ কয়, যে ভোগালী মানে মিলা-প্ৰীতিৰে একেলগে এসাঁজ খাই আত্মীয়তাক উদযাপন কৰাৰ নাম ৷
গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ মাছৰ বজাৰত উৰুকা উপলক্ষে আজি পুৱতি নিশাৰ পৰা ক্ৰেতাৰ ভিৰ পৰিলক্ষিত কৰা হয়। একেদৰে, মহানগৰীৰ কলংপাৰ, বেলতলা, বামুণীমৈদাম, গণেশগুৰিৰ দৰে অন্যান্য বজাৰসমূহতো উৰুকাৰ লগভাতৰ যোগাৰ কৰিবলৈ ক্ৰেতা আৰু বিক্ৰেতাৰ বিপুল সমাগম হোৱা দেখিবলৈ পোৱা যায়।
ডিব্ৰুগড় জিলাতো ভোগালী বিহুৰ ব্যাপক আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন ঠাইত মেজি আৰু ভেলাঘৰ সাজি ভোজ ভাত খোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। জিলাখনৰ বাণীপুৰত ৰংঘৰৰ আৰ্হিত সজা ভেলাঘৰে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। জিলা প্ৰশাসনে উৰুকা আৰু মাঘ বিহু উপলক্ষে মাছ-মাংস, গাখীৰ-দৈকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ বজাৰ মূল্য অতিৰিক্তভাৱে বৃদ্ধি নকৰিবলৈ বেপাৰীসকলৰ কাৰণে এখন নিৰ্দিষ্ট মূল্য তালিকা প্রকাশ কৰিছে। জিলাখনৰ চৌকিদিঙিত আজি উৰুকা উপলক্ষে স্থানীয় বিধায়ক তথা মন্ত্রী প্ৰশান্ত ফুকনে উপস্থিত হৈ ৰাজ্যবাসীক ভোগালী বিহুৰ ওলগ জনোৱাৰ লগতে এফাকি বিহু গাই বিহুৰ শুভেচ্ছা
জনায়।
নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি ডাকঘাট যমুনা জলাহ বিলত পুৱাৰ ভাগতে মৎস্য চিকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলাখনৰ জাকৰুৱা বিলত সহস্রাধিক লোকে মৎস্য চিকাৰত অংশগ্ৰহণ কৰিছে। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ অঞ্চলত থকা জেৰেঙা পথাৰৰ বিলসমূহৰ লগতে ভটিয়াপাৰাৰ বিলসমূহৰ পাৰত আজি পুৱাৰে পৰা মাছ ক্ৰয় কৰিবলৈ যথেষ্ট সংখ্যক লোক উপস্থিত হয়।
কাছাৰ জিলাতো মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে উৎসাহ উদ্দীপনা হৈছে। জিলাখনৰ বিভিন্ন গাঁও আৰু চহৰ অঞ্চলত সৃষ্টিশীল আৰ্হিত ভেলাঘৰ সাজি উলিওৱা হৈছে। পৰম্পৰাগত খাদ্য সম্ভাৰেৰে ভোগালীক আদৰিবলৈ কাছাৰ জিলাৰ ৰাইজ সাজু হৈছে।
হোজাই জিলাতো উৰুকা উপলক্ষে পুৱাৰেপৰা লংকাৰ মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হৈছে। একেদৰে, উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ মাছৰ বজাৰত পুৱতি নিশাৰে পৰা উত্তৰ কামৰূপৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ সমাগম হৈছে।
গোৱালপাৰা আৰু ধুবুৰী জিলাতো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে উলহ মালহেৰে উৰুকা পালনৰ প্রস্তুতি সম্পূৰ্ণ কৰিছে।
হোজাই জিলাৰ মীন বিভাগে আজি উৰুকা উপলক্ষে বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰিছে। জিলা মীন বিষয়া ভৱানী প্রসাদ নাথে এই বিষয়ে উল্লেখ কৰি মাছৰ বজাৰত বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ নিৰ্দিষ্ট মূল্য বৰ্তাই ৰাখিবলৈ ব্যৱসায়ীসকলক আহ্বান জনায়।