ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 12, 2025 8:53 PM | World Elephant Day

printer

আজি বিশ্ব হস্তী দিৱস

হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱস পালন কৰা হয়। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্রবেশদ্বাৰত আজি হাতীক খাদ্য খুওৱাৰ লগতে মাউতসকলক বস্ত্ৰ প্ৰদান কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হস্তী সন্দৰ্ভত কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি ৰমেশে প্ৰকাশ কৰা মতে, উদ্যানখনত কমেও এহেজাৰ ৭০০ টা বনৰীয়া হাতী আৰু ৫৯ টা পোহনীয়া হাতী আছে। তদুপৰি উদ্যানখনত হাতী সুৰক্ষাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হয়। দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ উদ্যোগত জিলাখনৰ বীৰঝৰা হাইস্কুল খেলপথাৰত বন বিভাগ আৰু মেঘালয় বন বিভাগৰ মাজত এখন প্রীতি ফুটবল খেল অনুষ্ঠিত হয়। খেলত ৰাজ্যৰ বন বিভাগে মেঘালয় বন বিভাগক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত গোৱালপাৰাৰ মাণ্ডলিক বন বিষয়া তেজশ মাৰিস্বামীৰ লগতে মেঘালয়ৰ বন বিভাগৰ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।