March 3, 2025 8:56 PM

printer

আজি বিশ্ব শ্ৰৱণ দিৱস

আজি বিশ্ব শ্ৰৱণ দিৱস। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে নৱ চিন্তাধাৰাক জাগ্ৰত কৰক, প্ৰতিগৰাকী ব্যক্তিয়ে কানৰ যতন আৰু শ্ৰৱণ শক্তি অটুট ৰখাৰ প্ৰতি গুৰুত্ব প্ৰদানৰ সংকল্প লওঁ আহক বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ ভিন্ন অঞ্চলত বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হৈছে। শ্রীভূমি জিলাত বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয়। শ্ৰৱণ ক্ষমতাৰ লগতে নিয়মীয়া কানৰ যতন সম্পর্কে সজাগতা সভাত আলোকপাত কৰা হয়। শ্রীভূমিৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সুমনা নাইদিঙে পতাকা উত্তোলন কৰি সজাগতা সমাৱেশৰ শুভাৰম্ভ কৰে। আশাকর্মী, জে এন এম প্ৰশিক্ষণ বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়াসকলে সমাৱেশত সক্রিয়ভাৱে অংশগ্ৰহণ কৰে। বিশেষজ্ঞ চিকিৎসকে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চহৰখনৰ শিশুৰ লগতে আৰক্ষী কৰ্মী আৰু শ্ৰমিকসকলৰ বিনামূলীয়া শ্ৰৱণ শক্তিৰো পৰীক্ষা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।