আজি বিশ্ব শিশু দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে বিশ্বজুৰি গ’ ব্লু শীৰ্ষক প্ৰচাৰ অভিযান চলোৱা হয়। আজিৰ এই বিশেষ দিনটোত বিশ্বৰ বিখ্যাত স্থান অথবা স্মাৰকসমূহ নীলা আলোকসজ্জাৰে সজাই-পৰাই শিশুৰ অধিকাৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ বাবে প্ৰতিকী ৰূপত সহমর্মিতা প্ৰকাশ কৰা হয়। এই অভিযানৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ উলুবাৰীত থকা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উপৰি গুৱাহাটী আৰক্ষী আয়ুক্তালয়, ৰাজ্যৰ সকলো জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু আৰক্ষী থানাসমূহ নীলা আলোকেৰে উজলাই তোলা হয়। উল্লেখযোগ্য যে শিশুৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে অসম আৰক্ষীয়ে লোৱা উদ্যোগৰ প্ৰতি সঁহাৰি জনাই ইউনিচেফ আৰু উৎসাহ নামৰ সংগঠনটোৱে আৰক্ষীৰ সৈতে সহযোগিতাৰে বিভিন্ন কাম-কাজ কৰি আহিছে।
বিশ্ব শিশু দিৱস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যৰ প্ৰতিজন শিশুৰ শিক্ষা, প্ৰতিপালন আৰু বিকাশৰ বাবে সুৰক্ষিত, স্বাস্থ্যকৰ আৰু সবলীকৃত পৰিবেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙেও শিশুসকলৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰি শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী সদায় প্রতিশ্রুতিবদ্ধ বুলি মন্তব্য কৰে।