আজি বিশ্ব যক্ষ্মা দিৱস

আজি বিশ্ব যক্ষ্মা দিৱস। যক্ষ্মা ৰোগৰ ফলত হোৱা স্বাস্থ্যজনিত, সামাজিক আৰু অর্থনৈতিক সমস্যাসমূহৰ প্ৰতি সজাগতা সৃষ্টি আৰু বিশ্বৰ পৰা এই মহামাৰী নিৰ্মূল কৰাৰ উদ্দেশ্যে প্রতি বছৰৰ ২৪ মাৰ্চৰ দিনটোত এই দিৱস পালন কৰা হয়। ১৮৮২ চনত ড° ৰ’বাৰ্ট কোচ্চে যক্ষ্মাৰোগৰ বেক্টেৰীয়া আৱিস্কাৰৰ চিনস্বৰূপে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়।
এইবাৰৰ বিষয়টোৱে বিগত বছৰবোৰত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে স্থানীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰহণ কৰা প্ৰচেষ্টা আৰু পদক্ষেপসমূহক প্ৰতিফলিত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।