আজি বিশ্ব মেলেৰীয়া দিৱস

আজি বিশ্ব মেলেৰীয়া দিৱস। দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে মেলেৰীয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ধেমাজি জিলাত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কোষৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে আজি এই দিৱস পালন কৰা হয়। ধেমাজী লক্ষীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা সভাত বাহকজনিত ৰোগৰ জিলা নডেল বিষয়া ডাঃ যোগেন দাসে এই ৰোগৰ কাৰণ আৰু লবলগীয়া সাৱধানতাৰ বিষয়ে বিতংকৈ অৱগত কৰে। এই দিৱসৰ প্ৰাসংগিকতা আৰু ৰোগৰ সাৱধানতাৰ বিষয়ে জিলা প্ৰচাৰ মাধ্যম বিশেষজ্ঞ ড০ অচ্যুত গগৈয়ে আলোকপাত কৰে। জিলাখনৰ ৫ টা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বিভিন্ন অঞ্চলত মেলেৰীয়া দিৱসৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে-আমি মেলেৰীয়া নিৰ্মূল কৰিব পাৰো পুনৰ সঠিক পৰিকল্পনা আৰু সক্ৰিয়তাৰে মেলেৰীয়া নিৰ্মূলৰ হকে যুঁজ দিও আঁহক৷