ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 25, 2024 12:17 PM | Maleria Day

printer

আজি বিশ্ব মেলেৰিয়া দিৱস

আজি বিশ্ব মেলেৰিয়া দিৱস। বিশ্বব্যাপি মেলেৰিয়াৰ বিৰুদ্ধে চলাই থকা যুঁজখনত অধিক সক্ৰিয়তাৰে সকলোকে অংশ ল’বলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে আহ্বান জনাইছে। এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা হৈছে যে, ৰাজ্যৰ সকলো স্বাস্থ্য কেন্দ্ৰতে মেলেৰিয়া ৰোগৰ পৰীক্ষা আৰু চিকিৎসা বিনামূলীয়াকৈ উপলব্ধ তথা যিকোনো সহায়তাৰ বাবে আশাকর্মী বা এ এন এমৰ সৈতে যোগাযোগ কৰিব পৰা যাব। জনসাধাৰণক স্বাস্থ্য সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে ১০৪ আৰু এম্বুলেন্স সেৱাৰ বাবে ১০৮ নম্বৰত যোগাযোগ কৰিবলৈকেও বিজ্ঞপ্তিটোত আহ্বান জনোৱা হৈছে। লগতে তীব্র ঠাণ্ডা তথা অতিমাত্ৰা জ্বৰ, ওকালি অহা আৰু বমি হোৱা, মূৰৰ বিষ, অত্যাধিক ঘাম ওলোৱা আদি লক্ষণে দেখা দিলে ততাতয়াকৈ কাষৰীয়আ স্বাস্থ্যকেন্দ্ৰত যোগাযোগ কৰিবলৈও ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে আহ্বান জনাইছে।