আজি বিশ্ব প্রকৃতি সংৰক্ষণ দিৱস

আজি বিশ্ব প্রকৃতি সংৰক্ষণ দিৱস। প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ তথা বহনক্ষম ব্যৱহাৰৰ অভ্যাস গঢ়ি তোলাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে ২৮ জুলাইৰ দিনটো এই দিৱস হিচাপে বিশ্বজুৰি পালন কৰা হয়। দিৱসৰ কাৰ্যসূচীৰ জৰিয়তে বায়ু, মাটি, পানী আৰু বনাঞ্চল সংৰক্ষণ কৰি জীৱকুলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে প্ৰয়াস কৰা হয়। এইবাৰ এই দিৱসৰ বিষয় হৈছে মানুহ আৰু গছ- গছনিৰ পাৰস্পৰিক সংযোগ, বনাঞ্চল সংৰক্ষণৰ বাবে ডিজিটেল উদ্ভাৱনৰ ব্যৱহাৰ। ইয়াৰ দ্বাৰা প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্রী বিমল বৰাই আজি দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত প্ৰকৃতিৰ প্ৰতিটো সম্পদ সংৰক্ষণৰ বাবে ঐক্যবদ্ধ হৈ সংকল্প গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। পৰৱৰ্তী প্ৰজন্মক এখন সেউজ, বহনক্ষম পৃথিৱী আৰু সুন্দৰ ভৱিষ্যৎ উপহাৰ দিয়াটো সকলোৰে কৰ্তব্য বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।