ডাউনলোড
মোবাইল এপ

android apple
signal

আজি বিশ্ব ধৰিত্ৰী দিৱস

আজি বিশ্ব ধৰিত্ৰী দিৱস। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ১৯৭০ চনৰ পৰা আজিৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিনটো বিশ্বত মানৱ জাতিৰ সামূহিক প্ৰভাৱৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ লগতে ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে চিন্তা-চৰ্চা কৰাৰ দিন। এইবেলি বিশ্ব ধৰিত্ৰী দিৱস উদযাপনৰ বিষয়বস্তু হ’ল- আমাৰ শক্তি, আমাৰ গ্ৰহ। বিশ্ব ধৰিত্ৰী দিৱস উদযাপনৰ ৫৫ বছৰ পূৰ্ণ হোৱাৰ দিনটো আজি বিশ্বৰ ১৯২ খন দেশ আৰু জনসাধাৰণে অংশ ল’ব বুলি আশা কৰা হৈছে। বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিনন্দীয়া পৃথিৱীৰ সুৰক্ষাৰ বাবে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰিবলৈ ৰাজ্যৰ জনসাধাৰণক সামাজিক মাধ্যম এক্সৰ জৰিয়তে আহ্বান জনাইছে। নিজৰ বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কৈছে, যে এগৰাকী সচেতন নাগৰিক হিচাপে এখন প্ৰদূষণমুক্ত, স্বচ্ছ আৰু সেউজীয়া বহনক্ষম ধৰা গঢ়িবলৈ প্ৰত্যেকেই দৃঢ় সংকল্পবদ্ধ হ’লেহে এই সুন্দৰ ধৰণীখন সকলোৰে বাবে বাসোপযোগী হৈ ৰ’ব।

অধিক পঢ়ক

সকলো চাওক