ডাউনলোড
মোবাইল এপ

android apple
signal

আজি বিশ্ব জনসংখ্যা দিৱস

আজি বিশ্ব জনসংখ্যা দিৱস। সমগ্ৰ বিশ্বতে জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে উদ্ভৱ হোৱা প্ৰত্যাহ্বান আৰু সুযোগ-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। এই দিৱস হ’ল – জনসংখ্যাৰ সৈতে সম্পর্কিত উদ্বেগৰ ফলত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বিষয়ে সজাগতা সৃষ্টি আৰু বহনক্ষম ভৱিষ্যতৰ হকে কাম কৰাৰ পদক্ষেপৰ অংশ বিশেষ। পৰিৱেশ তথা উন্নয়নকে ধৰি জনসংখ্যাৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯০ চনৰ ডিচেম্বৰত গ্ৰহণ কৰা এটা প্ৰস্তাৱৰ জৰিয়তে বিশ্ব জনসংখ্যা দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে । ১৯৯০ চনৰ ১১ জুলাইত বিশ্বৰ ৯০ খনতকৈও অধিক দেশত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। এইবেলি এই দিৱসৰ মূল বিষয় হ’ল – মাতৃ আৰু শিশু উভয়ৰে সুস্বাস্থ্য আৰু কল্যাণৰ হকে গৰ্ভধাৰণৰ মাজৰ সময়ৰ উপযুক্ত ব্যৱধান।
বিশ্ব জনসংখ্যা দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই কয়, যে পৰিয়াল-পৰিকল্পনা সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ দায়ৱদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত এই দিৱস পালন কৰা হৈ আহিছে। মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে সন্তানৰ আগমনক লৈ উপযুক্ত পৰিকল্পনা গ্ৰহণ কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে।