ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি বাল্মিকী জয়ন্তী

■ দেশৰ বিভিন্ন প্ৰান্তত আজি বাল্মিকী জয়ন্তী উদযাপন কৰা হৈছে। এই দিৱসত মহাকাব্য ৰামায়ণৰ ৰচক মহর্ষি বাল্মিকীৰ জন্ম বার্ষিকী উপলক্ষ্যে পালন কৰা হয়। মহর্ষি বাল্মিকিক ‘আদি কবি’ বা সংস্কৃত ভাষাৰ
প্রথম কবি হিচাপেও উপাসনা কৰা হয়। বাল্মিকী পন্থাৰ সদস্যসকলেও তেওঁক ঈশ্বৰৰ দূত হিচাপে শগণ্য কৰে আৰু পৰম ভক্তিৰে পাৰ্গত দিৱস পালন কৰে। এই উপলক্ষে “শোভা যাত্রা” নামৰ শোভাযাত্ৰাটোও
উলিওৱা হয়।
মহর্ষি বাল্মিকী জয়ন্তী উপলক্ষ্যে ৰাষ্ট্ৰপতি দ্রৌপদী মু্ৰ্মুৱে আজি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে আদিকবি বাল্মিকীৰ দ্বাৰা ৰচিত ‘ৰামায়ণ’ৱে মানৱ সমাজক ভগৱান শ্ৰীৰামৰ প্ৰেৰণাদায়ক কাহিনী আৰু আদৰ্শ জীৱন মূল্যবোধৰ শিক্ষা প্ৰদান কৰিছে। মহর্ষি বাল্মীকীক আধ্যাত্মিক জাগৰণ, কৰুণা, আৰু মানৱীয় আদৰ্শৰ প্ৰতীক ৰূপে অভিহিত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ পবিত্র স্মৃতিত শ্রদ্ধা জনায়।
বাল্মীকি জয়ন্তী উপলক্ষে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও জনসাধাৰণক শুভেচ্ছা জনাইছে। আজি এটা ছ’চিয়েল মিডিয়া পোষ্টত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, মহর্ষি বাল্মিকী আছিল ভগৱান ৰামৰ জীৱন আৰু আদৰ্শক অমৰ কৰি ৰখা মহাকাব্য ৰামায়ণৰ আদিকৱী আৰু প্ৰণেতা। তেওঁ কয় যে মহর্ষি বাল্মিকীৰ কালজয়ী সত্য, গুণ, মমতাৰ শিক্ষাই মানৱতাক অনুপ্ৰাণিত কৰি ৰাখিছে আৰু সকলোকে সৎ পথ প্ৰদৰ্শন কৰি আহিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহর্ষি বাল্মীকি জয়ন্তী উপলক্ষে দেশৰ নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰিছে। ছ’চিয়েল মিডিয়াত এটা পোষ্টত প্ৰধানমন্ত্রীয়ে কয় যে মহর্ষি বাল্মিকীৰ বিশুদ্ধ আৰু আদৰ্শ চিন্তাধাৰাই অতিজৰে পৰা ভাৰতীয় সমাজ আৰু পৰিয়ালত গভীৰ প্ৰভাৱ পেলাইছে,। গৃহ মন্ত্ৰী অমিত শ্বাহেও এই উপলক্ষ্যে সকলোকে শুভেচ্ছা জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।