January 15, 2026 9:50 AM | bhogali bihu assam

printer

আজি পহিলা মাঘ, ৰাজ্যৰ বিভিন্ন ধর্মীয় স্থানত ভক্তপ্ৰাণ ৰাইজৰ সমাগম, বৰপেটাত আজি মাঘ বিহু

আজি পহিলা মাঘ। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ, নামঘৰকে ধৰি ধৰ্মীয় স্থানসমূহত ভক্তপ্রাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি ভোগালী বিহুৰ অন্তিম দিন হিচাপে পালন কৰা হৈছে। ভোগৰ উৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল-ধেমালিৰো আয়োজন কৰা হৈছে।

উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰংমহলত মাঘ বিহু উপলক্ষে কাবাডী, ৰছি টনা, দৌৰ, টেকেলি ভঙা, মিঠাতেল সানি কলগছত উঠাৰ দৰে প্ৰীতিমূলক খেল-ধেমালিৰ আয়োজন কৰা হয়।

গোৱালপাৰাৰ ৰাভা অধ্যুষিত অঞ্চলসমূহকে ধৰি দুধনৈ, কৃষ্ণাই, ধূপধৰা আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা চহৰৰ শাস্ত্রী নগৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ ৰীতি অনুযায়ী জিলাখনৰ বিভিন্ন প্রান্তত সমজুৱাভাবে মাহ-কৰাই আৰু পিঠা পনা ভগোৱা হয়। জনগোষ্ঠীটোৰ লোকসকলে মেজি জ্বলোৱাৰ পাছত বিহুৰ দিনা পুৱা ঘৰৰ পৰা অনা পাৰস্পৰিক খাদ্য বস্তু হিংসা বা আখেজ দূৰ কৰাৰ কামনাৰে এনেদৰে ভগাই লয়।

নগাঁও জিলাৰ নেহৰুবালিত কালিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ১১৩ সংখ্যক ভোগালী বিহু উৎসৱৰ সৈতে সংগতি ৰাখি গ্রন্থ উন্মোচন, জ্যেষ্ঠ নাগৰিকক সম্বর্ধনা আৰু শিশুসকলৰ মাজত চিত্রাংকনৰ লগতে বিভিন্ন খেল-ধেমালিৰ প্রতিযোগিতাৰো আয়োজন কৰা হয়।

কার্বি আংলং জিলাতো ভোগালী বিহুৰ উছাহ অব্যাহত আছে। পৰম্পৰাগত ৰীতি অনুযায়ী কালি জিলাখনৰ ৰাইজে সমূহীয়াভাবে অগ্নি সেৱা কৰাৰ লগতে ডিফু ক্লাবৰ উদ্যোগত প্রীতি চাহ মেলৰ আয়োজন কৰা হয়। কণ কণ শিশুসকলৰ মাজত বিভিন্ন খেল-ধেমালিও অনুষ্ঠিত হয়।

শিৱসাগৰতো আৰক্ষী ছাউনীত কৰ্তব্যৰত আৰক্ষীসকলে কামৰ দায়বদ্ধতাৰ মাজতে পৰম্পৰাগত ৰীতি-নীতি পালন কৰি ভোগালী বিহুৰ উছাহত অংশগ্ৰহণ কৰে। সত্র পীঠ মাজুলীতো শ্রীশ্রীদক্ষিণপাট, উত্তৰ কমলাবাৰী সত্ৰ, গড়মূৰ, আউনীআটীৰ দৰে সত্ৰসমূহৰ উদাসীন ভকত বৈষ্ণৱসকলেও পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাই ভোগালী বিহু উদযাপন কৰে। একেদৰে উত্তৰ মাজুলীৰ মিচিং জনগোষ্ঠীয় লোকসকলেও বোপা-ককাৰ দিনৰ ৰীতি-নীতি পালন কৰি ভোগৰ উৎসৱত অংশগ্ৰহণ কৰে।

একেদৰে ডিব্ৰুগড় জিলাতো বিপুল উৎসাহেৰে মাঘ বিহু পালন কৰা হয়। জিলাখনৰ মটক জনগোষ্ঠীৰ প্ৰধান অঞ্চলসমূহত জনগোষ্ঠীটোৰ পৰম্পৰা অনুযায়ী কালি দিনৰ ভাগত ৰাজহুৱা ভোজৰ আয়োজন কৰা হয়। আজি জিলাখনৰ ক্ষেত্ৰ বিশেষে বুঢ়ামেজি বা মতামেজী জ্বলোৱা হয়।

বৰপেটা জিলাত কালিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত কালি উৰুকা তথা স্থানীয় ভাষাত গাতা ৰখা উদযাপন কৰাৰ পাছত আজি পহিলা মাঘৰ দিনটোত মেজি জ্বলোৱা হৈছে।

ধুবুৰী, নলবাৰী, মানকাচৰ আৰু বৰাক উপত্যকাৰ জিলাকেইখনতো ভোগালী বিহুৰ আনন্দ মুখৰ পৰিৱেশৰ বাতৰি আমাৰ সংবাদদাতাই প্ৰেৰণ কৰিছে।

মাঘ বিহু উপলক্ষে পহিলা মাঘত মৰিগাঁও জিলাৰ আঁহতগুৰিত অনুষ্ঠিত ম’হ যুঁজ এইবাৰ উদযাপন নহয় বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। আকাশবাণীৰ মৰিগাঁৱৰ সংবাদদাতাক জানিবলৈ দিয়া অনুযায়ী উচ্চতম ন্যায়ালয়ৰ ম’হ যুঁজৰ নিষেধাজ্ঞা পৰিহাৰ কৰিবলৈ অসম বিধানসভাই প্ৰস্তাৱ গ্ৰহণ কৰি ৰাষ্ট্ৰপতিলৈ অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছিল যদিও এই সন্দর্ভত এতিয়ালৈকে কোনো নির্দেশ নহাত চলিত বছৰত ম’হ যুঁজ বাতিল কৰা হৈছে।