December 25, 2025 10:36 AM | Merry Christmas

printer

আজি পবিত্ৰ বৰদিন, ৰাজ্যপাল, মুখ্যমন্ত্রীকে ধৰি বিভিন্নজনৰ বৰদিন উপলক্ষে খ্রীষ্টধর্মী লোকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন

আজি পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্রীষ্টধর্মী লোকসকলে কালি মাজনিশাৰে পৰা পৱিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গীর্জাসমূহ বৰদিন উপলক্ষে আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। যোৱানিশাৰে পৰা গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক’, খ্ৰীষ্টানবস্তি, সোণাইধূলিকে ধৰি বিভিন্ন স্থানৰ গীর্জাসমূহ কেৰলৰ ধবনিৰে মুখৰ হৈ উঠে।

প্রভু যীশুৰ প্ৰাৰ্থনাৰ বাবে কালি সন্ধিয়াৰে পৰা গীর্জাসমূহত অগনন লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। আলোকসজ্জা, খ্রীষ্টমাছ ট্রী, বং-বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ লগতে খ্রীষ্টধর্মী লোকসকলৰ বাসগৃহসমূহো সজাই তোলা হৈছে। আজি পুৱাৰ ভাগতো বৰদিন উপলক্ষে সমূহীয়া প্রার্থনা, আলোচনা সভা আদি অনুষ্ঠিত হ’ব।

ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধর্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিছে। গোৱালপাৰা নগৰৰ বাপুজী নগৰত থকা একমাত্র গীৰ্জাঘৰতো বৰদিন পালন কৰা হৈছে। তদুপৰি অসম-মেঘালয় সীমান্তৰ খ্ৰীষ্টধর্মী গাৰো সম্প্ৰদায়ৰ লোকসকলেও বৰদিন পালন কৰিছে।

বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰ সম-জিলাতো খ্রীষ্টধর্মী লোকসকলে উলহ-মালহেৰে বৰদিন উদযাপন কৰিছে। খ্ৰীষ্টমাষ্ট ট্রী, বেটাৰী চালিত চাণ্টা ক্লজ, বং-বিৰঙী আলোকসজ্জাৰে বিপণীসমূহ ভৰি পৰিছে। গহপুৰ অঞ্চলৰ খ্ৰীষ্ট ধর্মাবলম্বী লোকসকলৰ লগতে এই বিপণীসমূহত অৰুণাচল প্ৰদেশৰ পৰা বহু গ্ৰাহকৰ আগমন ঘটা পৰিলক্ষিত হৈছে। কোকৰাঝাৰ জিলাত উৎসাহ-উদ্দীপনা আৰু ভক্তি সহকাৰে খীষ্টধর্মী লোকসকলে বৰদিন পালন কৰিছে। মাজনিশা কেৰলৰ ধবনিৰে গীর্জাসমূহ মুখৰিত হয়।

ওদালগুৰি জিলাতো বৰদিন উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ গীর্জাসমূহ সজাই-পৰাই তোলা হৈছে।

বৰাক উপত্যকাৰ জিলা কেইখনতো বৰদিনৰ উছাহ পৰিলক্ষিত হৈছে। শিলচৰৰ ৰামকৃষ্ণ মিচন সেবাশ্রমত কালি এই উপলক্ষে যীশু আৰাধনাৰ আয়োজন কৰা হয়। কালি সন্ধিয়া প্ৰভু যীশুৰ প্ৰতিমূৰ্তিৰ সম্মুখভাগ মমবাতি আৰু ফুলেৰে সজাই তোলা হয়। এই উপলক্ষে বিশেষ প্রার্থনা সংগীত আৰু কেৰল পৰিৱেশন কৰা হয়।

বৰদিন উপলক্ষে উত্তৰ-পূবৰ অনান্য ৰাজ্যকেইখন বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰী আটক ধুনীয়াকৈ সজাই তোলা হৈছে। প্রায় এসপ্তাহ পূৰ্বৰে পৰা নগৰখনত বৰদিনক লৈ ব্যস্ততা পৰিলক্ষিত হৈছে। কালি সন্ধিয়াৰে পৰা বৰদিনৰ প্ৰাৰ্থনাৰ বাবে শ্বিলঙৰ গীৰ্জাঘৰলৈ বহু লোকৰ আগমন হয়। বৰদিনৰ আনন্দ উপভোগৰ বাবে শ্বিলঙলৈ দেশ-বিদেশৰ বহু পৰ্যটকৰ আগমন ঘটাও দেখা গৈছে। কোহিমা, আইজল, তুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা বৰদিনৰ প্ৰাক সন্ধিয়া আনন্দ-উল্লাসৰ পৰিৱেশ সৃষ্টি হৈছে।

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই পবিত্র বৰদিন উপলক্ষে ৰাজ্যৰ সকলো জনসাধাৰণ বিশেষকৈ খ্রীষ্টধর্মী লোকসকলক ওলগ জনাইছে। এই উপলক্ষে দিয়া এটা বার্তাত ৰাজ্যপালগৰাকীয়ে কয় যে যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আয়োজিত এই উৎসবে আমাক দয়া, কৰুণা আৰু নিস্বার্থ সেৱাৰ অমূল্য প্ৰমূল্যৰাজিৰ বিষয়ে সোঁৱৰাই দিয়ে। ৰাজ্যপালগৰাকীয়ে লগতে সদিচ্চা আৰু সম্প্রীতিৰ এনাজৰী সুদৃঢ় কৰি এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰদিন উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ লগতে প্ৰভু যীশুৰ আশীর্বাদে সমাজৰ পৰা অপশক্তি নাশ কৰি শান্তি-সম্প্রীতি আৰু ভাতৃত্ব বোধৰ এনাজৰী সুদৃঢ় কৰিব বুলি আশা প্রকাশ কৰে।