ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2024 11:36 AM | Lakshmi Puja

printer

আজি  ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা

ঐশ্বর্য বিভূতিৰ কামনাৰে আজি ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা কৰা হ’ব। পঞ্জিকা অনুসৰি আজি নিশা ৮ বাজি ৪০ মিনিটৰ পৰা লক্ষ্মী পূর্ণিমা তিথি আৰম্ভ হৈ কাইলৈ বিয়লি ৪-৫৫ মিনিটত সমাপ্ত হ’ব। গুৱাহাটী মহানগৰীতো বিস্তৃত কাৰ্যসূচীৰে লক্ষ্মী দেৱীৰ পূজা-অৰ্চনা কৰা হ’ব। এই উপলক্ষে বজাৰসমূহত লক্ষ্মী দেৱীৰ মূৰ্তিৰ লগতে পূজাৰ সামগ্ৰীৰে ভৰি পৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যৰ প্ৰান্তে প্রান্তে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন স্থানত অৱস্থিত লক্ষ্মী মন্দিৰত ধন আৰু ঐশ্বৰ্যৰ দেৱী লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। ঠাইবিশেষে ৩ৰ পৰা ৭দিনীয়া কাৰ্যসূচীৰে এই পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ পৰম্পৰাগত ৰীতি-নীতিৰ লগতে বিভিন্ন প্ৰতিযোগিতা, নাট প্রদর্শন, মেলা আদি অনুষ্ঠিত হ’ব। জিলাখনৰ কেওটকুছিত সাদিনীয়াকৈ লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। আনহাতে হাউলীৰ ন-মাটি সত্ৰ, মৌটুপুৰী, হালাপাগুৰি আদিতো লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। ইফালে, চিৰাং জিলাৰ ঐতিহাসিক বিজনী চহৰৰ বিজনী শ্ৰীশ্ৰী লক্ষ্মী পূজা কমিটীৰ উদ্যোগত আজিৰে পৰা ১৩৩ সংখ্যক শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ ১২-দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্রস্তুতি চলাইছে। আনহাতে, কাজলগাঁও লক্ষ্মী পূজা আৰু ব্ৰহ্ম মন্দিৰতো আজিৰে পৰা ১২ দিনীয়াকৈ শ্ৰীশ্ৰীলক্ষ্মী আৰু মেলা মহোৎসৱ আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৰোকাখাটা সাৰ্বজনীন লক্ষ্মী মন্দিৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে।