আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস। সমগ্ৰ দেশতে এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই দিনটোৱে চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ আৰু ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰত প্ৰজ্ঞান ৰভাৰ সফলতাৰে কঢ়িয়াই নিয়াৰ স্মৃতিক সোঁৱৰায়। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থখন ৰাষ্ট্ৰ আৰু দক্ষিণ মেৰুৰ কাষ চপা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে ভাৰত পৰিগণিত হৈছে। এই দিৱসৰ এইবছৰৰ বিষয়বস্তু হৈছে- “আৰ্য্যভট্টৰ পৰা গগণযানলৈ: প্রাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ।”
ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ লগত সংগতি ৰাখি কালি নতুন দিল্লীত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ৰাষ্ট্ৰীয় মহাকাশ সন্মিলন ২.০ আয়োজন কৰে। এই বৈঠকত ভাৰতৰ মহাকাশ প্ৰয়োগৰ কাৰ্যক্ৰমণিকা যুগুত কৰাৰ বাবে কেইবাটাও মন্ত্রালয়, ব্যক্তিগত অংশীদাৰ, একাডেমী, ষ্টার্টআপ, আৰু বিশেষজ্ঞ মিলিত হয়। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে মহাকাশ বিভাগে যুৱক- যুৱতীসকলক মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্য বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীয়ে চলিত মাহত আহমেদাবাদ, উদিয়াপুৰ আৰু মাউণ্ট আবুত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিছে।
Site Admin | August 23, 2025 1:46 PM | National Space Day
আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস
