ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কিছুসময়ৰ পিছতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হব। ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃবৰ্গই প্ৰকাশ কৰা অনুসৰি তেওঁক বিমান বন্দৰৰ পৰা পোনে পোনে বশিষ্টৰ অটল বিহাৰী বাজপেয়ী ভৱনলৈ ৰাওনা হব। তেওঁ বিজেপিৰ মূল সমিটিৰ সৈতে বাজপেয়ী ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব। ইয়াৰ পিছত বিজেপিৰ কাৰ্যকৰ্তা সকলৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰি তেওঁ নিশাটো কইনাধৰাৰ চৰকাৰী অতিথিশালাত কটাব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাইলৈ পুৱা অসম ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰিব। ইয়াৰ পাছতে শ্ৰীশ্বাহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্রাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচীত অংশ ল’ব।
পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীৰ খানাপাৰাত হ’বলগীয়া পঞ্চায়ত প্রতিনিধি সন্মিলনৰ পৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব। এই সন্মিলনত বিজেপি, অসম গণ পৰিষদ, ৰাভা হাছং যৌথ সংগ্রাম সমিতি আৰু জনশক্তিকে ধৰি এন ডি এৰ সকলো শীর্ষ নেতা উপস্থিত থাকিব। প্ৰায় ২০ হাজাৰ নিৰ্বাচিত জনপ্রতিনিধি এই সন্মিলনত উপস্থিত থকাৰ কথা। তদুপৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, ডিমা হাছাওকে ধৰি পৰিষদসমূহৰ নির্বাচিত প্রতিনিধিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাত উপস্থিত হৈ সভাৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় কামসমূহ নিয়াৰিকৈ সমাপন কৰিবলৈ নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।