আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ লাখ ২২ হাজাৰ ৭৩৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৯ হাজাৰ ৪১ গৰাকী শিক্ষার্থী প্ৰথম বিভাগত, এক লাখ ৩৫ হাজাৰ ৫৬৮ গৰাকী দ্বিতীয় বিভাগত আৰু ৪৫ হাজাৰ ৮৬২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ৮৫.৫৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই প্রথম স্থান, ৮১.১০ শতাংশৰে ডিব্ৰুগড় জিলাই দ্বিতীয় আৰু ৮০.৬৪ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জিলাই তৃতীয় স্থান দখল কৰিছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিষী শ‍ইকীয়াই ৯৮.৫০ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তর্শ্ব বৰদলৈয়ে ৯৮.৩৩ শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় স্থান আৰু যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অনিবান বৰগোঁহায়ে ৯৮.১৭ শতাংশ নম্বৰেৰে তৃতীয় স্থান লাভ কৰিছে। শিক্ষার্থী কেইগৰাকীৰ এই সাফল্যত বিদ্যালয়কেইখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। উত্তীর্ণ শিক্ষাৰ্থীসকলৰ মাৰ্কশ্বিটৰ ছপা প্ৰতিলিপি তথা প্ৰমাণ পত্ৰ পৰৱৰ্ত্তী সময়ত প্ৰদান কৰা হ’ব।