আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। প্ৰতিগৰাকী কন্যাই যাতে সুৰক্ষা আৰু মৰ্যাদাপূর্ণ জীবন লাভ কৰিব পাৰে তাৰ বাবে সজাগ ভূমিকা পালন কৰিবলৈ মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। তেওঁ লগতে দিৱস উপলক্ষে প্ৰতিগৰাকী কন্যা সন্তানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্যসূচী অনুষ্ঠিত হৈছে। বজালী জিলাৰ পাঠশালাৰ ভট্টদের বিশ্ববিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আজি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বন্ধন কুমাৰ চক্ৰবৰ্তীয়ে নিজৰ ভাষণত সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত কন্যা শিশুৰ সবলীকৰণৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। বজালী জিলাৰ অন্যান্য অঞ্চলতো এই দিবস উদযাপন কৰা হয়। কোকৰাঝাক জিলাতো আজি নিদান ফাউণ্ডেচনৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মডার্ণ ইংলিছ স্কুল আৰু ডেষ্টিনেচন শিশু গৃহত বিশেষ কার্যসূচী অনুষ্ঠিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।