December 3, 2025 8:43 PM | Assam Divyang Day

printer

আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ, সমৰ্পন তথা তেওঁলোকৰ সাহসৰ প্রতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিস্থানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে ।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে সমাজৰ প্ৰতিগৰাকী দিব্যাংগ ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ কল্যাণৰ বাবে অহৰ্নিশে কাম কৰি যাব বুলিও প্রতিশ্রুতি দিছে।
কৰুণাধাৰাৰ সৌজন্যত কাৰ্বি আংলং জিলাৰ ডিফুত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, ছহিদ তৰ্পণ, মুকলি সভাৰ লগতে দিব্যাংগসকলৰ মাজত বিভিন্ন ধৰণৰ প্রতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত ৬ গৰাকী দিব্যাংগ ব্যক্তিক কৰুণাধাৰাৰ তৰফৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা হয়। ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে ধেমাজিতো এই দিৱস পালন কৰা হয়। জিলাখনৰ সমগ্ৰ শিক্ষা অভিযানৰ সৰ্বাত্মক শিক্ষাৰ গোটৰ উদ্যোগত মৰিল কঠালগুৰি প্ৰাথমিক বিদ্যালয়, গোগামুখ চেতিয়া গাঁও প্রাথমিক বিদ্যালয় আৰু তেলাম গামচুক প্রাথমিক বিদ্যালয়ত এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে পিতৃ-মাতৃৰ অভিভাৱক সন্মিলন, দিব্যাংগ শিশুসকলৰ স্বাস্থ্য পৰীক্ষা, গছপুলি ৰোপণ, দিব্যাংগ শিশুসকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়।
শিৱসাগৰ জিলাৰ বিশেষভাৱে সক্ষম শিক্ষার্থী প্রতিষ্ঠান কৌমুদালয়ত দিব্যাংগ দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়।
হোজাইতো বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। লংকা হাইস্কুলৰ প্ৰাংগণত অভিজ্ঞ চিকিৎসকৰ এটা দলে কেইবাগৰাকীও লোকক চিকিৎসা সেৱা আগবঢ়ায়।
পূব নলবাৰী শিক্ষাখণ্ডৰ উদ্যোগত আজি মুগকুছি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে বিদ্যালয়খনত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।