ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে ২১ মে’ৰ দিনাখন এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে ২০০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে ৫৪ শতাংশ। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্রভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচা পাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। চাহ নগৰীৰূপে পৰিচিত তিনিচুকীয়া জিলাৰ ডুমডুমাত আজি আছাম ব্রট লীভ টী এছোচিয়েচনৰ উদ্যোগত এখন ভ্ৰাম্যমান চাহ বিপণী আৰম্ভ কৰা হয়। ডুমডুমা সমজিলা আয়ুক্তই এই ভ্রাম্যমান বিপণীখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ভাৰতীয় টী বোৰ্ডৰ উদ্যোগত আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অসমত চাহ উদ্যোগৰ সমস্যা আৰু ভৱিষ্যৎ সন্দৰ্ভত এখন মনোজ্ঞ আলোচনাচক্র অনষ্ঠিত হয়। এই আলোচনাচক্ৰৰ অন্যতম সমল ব্যক্তি-নগাঁও জিলাৰ শিক্ষিত চাহ খেতিয়ক সঞ্জীৱ বৰা। ভাৰতীয় চাহ বোৰ্ডৰ দ্বাৰা পুৰস্কৃত এই চাহ খেতিয়কজনে আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ আগত চাহ উদ্যোগ সম্পৰ্কত এনেদৰে মন্তব্য কৰে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জ্বীবিত কৰা প্ৰতিগৰাকী লোকক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।