আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত ইয়াৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতিক ঐতিহ্যৰ অন্যতম শীর্ষস্থানীয় অনুষ্ঠান ৰূপে অসম সাহিত্য সভাই জাতীয় জীৱনলৈ অনন্য অৱদান আগবঢ়াই আহিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই নিৰবচ্ছিন্নভাৱে কাম কৰি আছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ লগতে অসমৰ বহুভাষীক সাহিত্যৰ সুৰক্ষা, সংৰক্ষণ আৰু সমৃদ্ধিত সাহিত্যসভাই অনাগত দিনত অগ্রণী ভূমিকা পালন কৰিব।
Site Admin | December 27, 2025 6:59 PM | Akashvani | Akashvani News | Asom Sahitya Sabha
আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস