আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনতো আজি এই উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। বজালী জিলাৰ পাটাছাৰকুছিত আজি অসম সাহিত্য সভাৰ পাটাছাৰকুছি শতদল শাখা সাহিত্য সভাৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে শাখাৰ সভাপতি হর্ষমোহন শর্মাই পতাকা উত্তোলন কৰি কাৰ্যসূচী মুকলি কৰে। প্ৰাক্তন সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই স্মৃতি তৰ্পণ কৰে । অনুষ্ঠানত অসম সাহিত্য সভাৰ জন্মলগ্ন তথা সুদীৰ্ঘ দিনৰ কৰ্মৰাজি সন্দৰ্ভত কেইবাগৰাকীও বক্তাই ভাষণ আগবঢ়ায় ।
বজালী জিলাৰ নিত্যানন্দৰ শতদল শাখা সাহিত্য সভাৰ উদ্যোগতো আজি সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লৈ অসম সাহিত্য সভাই জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণি সম্পৰ্কে ব্যাখ্যা কৰে।
ডিব্ৰুগড় জিলাতো আজি অসম সাহিত্য সভাৰ উদ্যোগত সভাৰ ১০৮ সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত নিজ নিজ কর্মক্ষেত্ৰত সাফল্য অৰ্জন কৰা ডিব্ৰুগড় সাহিত্য সভাৰ ৪ গৰাকী কাৰ্যনিৰ্বাহক বিষয়ববীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানতে শেহতীয়াকৈ অসম চৰকাৰে প্ৰদান কৰা যুৱ লেখক সন্মান লাভ কৰিবলৈ সমৰ্থ হোৱা সভাই কেইবাগৰাকী বিষয়ববীয়াক সন্মানিত কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ আজীৱন সদস্যপদ গ্রহণ কৰা ৯ গৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে আজীৱন সদস্যৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷
অসমৰ ভাষা, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্যতম শীর্ষস্থানীয় অনুষ্ঠান ৰূপে অসম সাহিত্য সভাই জাতীয় জীৱনলৈ অনন্য অৱদান আবঢ়াই আহিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয়, যে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই নিৰবচ্ছিন্নভাৱে কাম কৰি আছে। শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কয় যে অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ লগতে অসমৰ বহুভাষীক সাহিত্যৰ সুৰক্ষা, সংৰক্ষণ আৰু সমৃদ্ধিত সাহিত্য সভাই অনাগত দিনত অগ্রণী ভূমিকা পালন কৰিব।