ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি অসম আৰক্ষী দিৱস

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্ষার্থে প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ প্ৰতিগৰাকী বীৰলৈও গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।
উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ প্ৰথম আৰক্ষী কামাণ্ডো বেটেলিয়ন কেম্পত আজি ৰাজ্যিক ভিত্তিত অসম আৰক্ষী দিৱস পালন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে তেওঁৰ ভাষণত আৰক্ষী বিষয়া আৰু জোৱানসকলক নিষ্ঠা আৰু সততাৰে নিজৰ দায়ত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত আৰক্ষীৰ লোকসকলক শপতবাক্য পাঠ কৰোৱাৰ লগতে সামূহিক পেৰেড আৰু সামৰিক কলা প্ৰদৰ্শন কৰা হয় ৷
গোৱালপাৰা জিলাৰ সংৰক্ষিত আৰক্ষী ছাউনীতো আজি অসম আৰক্ষী দিৱস পালন কৰা হয়। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ অধ্যক্ষতাত আয়োজিত অনুষ্ঠানত পুৱা অসম আৰক্ষীৰ পতাকা উত্তোলন, সংকল্প পাঠ, নৱনিৰ্মিত পেৰেড চৌহদ মুকলি আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।