আজিৰে পৰা ১৫ ছেপ্তেম্বৰলৈ গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ অনুষ্ঠিত

গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখন গুৱাহাটী জিলা পুথিভঁৰালত আজিৰে পৰা ১৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব। আজি সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীৰ দ্রষ্টা নাট্যগোষ্ঠীয়ে ড০ সীতানাথ লহকৰ ৰচিত আৰু ইন্দ্ৰজিৎ কাকতিৰ পৰিচালিত পি আই এল-৯৯ নামৰ নাটখন মঞ্চস্থ কৰিব। কাইলৈ সন্ধিয়া গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীৰ দ্বাৰা ড০ সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত দ্ৰোহী, ১৪ ছেপ্তেম্বৰৰ সন্ধিয়া জাগীৰোড নাট্যগোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা তৰুণ তালুকদাৰ ৰচিত আৰু পৰিচালিত ইমান ধুনীয়া পৃথিৱীখন আৰু অন্তিম দিনা গুৱাহাটীৰ সমাহাৰ নাট্যগোষ্ঠীয়ে ড০ সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ন্যায় নাটখন প্ৰদৰ্শন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।