আজিৰে পৰা ১২ জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে আজিৰে পৰা ১২ জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে – দেশৰ ৭০০ খন জিলাৰ প্ৰায় ডেৰ কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ বাবে কৃষি বিভাগ, আনুসংগিক বিভাগ আৰু কৃষি বিজ্ঞানীসকলক লৈ ৫২টা গোট গঠন কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ছোৱাত খাৰিফ শস্য উৎপাদনত সহায়ক হোৱাকৈ বহনক্ষম প্ৰযুক্তিৰ বিষয়ে প্ৰচাৰ, ভূমি স্বাস্থ্য পত্ৰৰ আধাৰত সাৰৰ ব্যৱহাৰ, কৃষি খণ্ডৰ বিভিন্ন সমস্যাৰ অধ্যয়ন আৰু ইয়াৰ ওপৰত প্ৰাথমিকভাৱে গৱেষণাৰ ৰূপৰেখা তৈয়াৰৰ ব্যৱস্থা কৰা হ’ব।

এই অভিযানৰ অংশ হিচাপে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰই জিলা প্ৰশাসন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগৰ সহযোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ১৩ দিনীয়া এই কাৰ্যসূচীত জিলাখনৰ ৫২টা স্থানৰ সকলো গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ হাজাৰৰো অধিক কৃষকক সামৰি লোৱা হৈছে। লখিমপুৰ জিলাতো আজিৰেপৰা এই অভিযানৰ অধীনত কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইয়াৰ অংশ হিচাপে জিলা প্ৰশাসনৰ বিষয়ববীয়া, কৃষি বিজ্ঞানী আৰু বিভাগীয় বিষয়াসকলে কৃষকৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস চলাব।

ধুবুৰী জিলাত আজিৰেপৰা এই অভিযানৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ ১০ টা উন্নয়ন খণ্ডৰ গাঁওসমূহক সামৰি এই অভিযান ৰূপায়ণ কৰা হৈছে।