● সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হ’ব। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ’ব। সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্প’ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক ২০২৫ আছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিবেশনত ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক দাবী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ’ব ।
ইয়াৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত সদনৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াতো সুনিশ্চিত কৰাৰ বাবে এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৩৬টা ৰাজনৈতিক দলৰ ৫০জন নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ইতিবাচক পৰিবেশত এই বৈঠক অনুষ্ঠিত হয় আৰু চৰকাৰে সংসদৰ শীতকালীন অধিবেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ নেতাকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। এইবাৰৰ অধিবেশনত যিকোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি শ্ৰীৰিজিজুৱে উল্লেখ কৰে৷
ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিধানসভাত যোৱা শনিবাৰে মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনৰ আলোচনাৰ বাবে অসম জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অর্থাৎ চি চি টি অ’ এক আমন্ত্ৰণ জনোৱা হ’ব। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয়, যে মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত আৰু পীযূষ হাজৰিকাৰে গঠিত মন্ত্রীগোটৰ প্ৰতিবেদন সন্দৰ্ভত কালিৰ বৈঠকত আলোচনা কৰা হয়। তেওঁ কয়, যে এই প্রতিবেদন বহু লোকে ভালদৰে অধ্যয়ন নকৰাৰ বাবেই ভুল বুজাবুজিৰ সৃষ্টি হৈছে। প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীগৰাকী নিজেও জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আলোচনাত মিলিত হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
মন্ত্ৰীসভাৰ বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত কৰ্মচাৰীৰ মৃত্যু হ’লে পূৰ্বৰ এককালীন সাহায্য ৫ লাখ টকাৰ পৰা ৭.৫০ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইপিনে, ৰাজ্যত নতুনকৈ স্থাপন কৰা পাঁচখন মিনি আই টি আই – দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰত কৰ্মৰত কৰ্মচাৰীসকলৰ দৰমহা প্ৰায় ৩৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ততো মন্ত্রীসভাই অনুমোদন জনায়। মন্ত্ৰীসভাৰ বৈঠকত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় আইন, ২০২৩-ৰ ৫৮ নম্বৰ ধাৰা সংশোধন কৰিবলৈ অধ্যাদেশ জাৰি কৰাত অনুমোদন জনোৱা হয়। এই সংশোধনীয়ে প্রথমে পঞ্জীয়কক তিনি বছৰলৈ বা নিয়মীয়া পঞ্জীয়ক নিযুক্তি নিদিয়া পর্যন্ত কাৰ্যভাৰ গ্ৰহণ কৰি থাকিবলৈ অনুমতি প্ৰদান কৰিব। ইয়াৰ ফলত বিশ্ববিদ্যালয়ৰ কাম-কাজসমূহ নিৰৱচ্ছিন্নভাৱে চলি থকাটো সুনিশ্চিত হ’ব। মন্ত্রীসভাই মিছন বসুন্ধৰাৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত ৬৬০টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন জনায় ৷ মন্ত্ৰীসভাৰ বৈঠকত অহা ১০ ডিচেম্বৰত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নির্মাণ কৰা ছহিদ স্মাৰকৰ উদ্বোধন কার্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। ড° শৰ্মাই কয়, যে সেইদিনা ছহিদসকলৰ পৰিয়ালক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব। ১০ ডিচেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাতে ছহিদ দিৱসৰ কাৰ্যসূচীত এহেজাৰৰ পৰা ১০ হাজাৰ লোকৰ উপস্থিতিৰে ‘ছহিদ প্ৰণামো তোমাক’ শীর্ষক গীতটি পৰিৱেশন কৰা হ’ব।