আজিৰে পৰা বঙাইগাঁও জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন

■ বঙাইগাঁও জিলা কৃষি বিভাগৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ উদ্যোগত জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষক প্ৰশিক্ষাৰ্থীৰ পঞ্জীয়ন, প্ৰদৰ্শনী আৰু কৃষি সামগ্ৰী বিতৰণ, ৰেচম সম্পর্কীয় প্রশিক্ষণ, উদ্যান শস্য, পশুপালন, শস্য বিজ্ঞান আদি বিষয়ক প্ৰশিক্ষণকে ধৰি কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে।যোৰহাটতো কালিৰে পৰা দুদিনীয়াকৈ কৃষক মেলা অনুষ্ঠিত হৈছে। জিলাখনৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই কালি এই মেলাখন উদ্বোধন কৰি কয়, যে অনাগত সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা গ্রহণ কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক হ’ব পাৰে। তেওঁ জিলাখনৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা, ৰেচম, মীন, কৃষক উৎপাদক কোম্পানী, কৃষক গোটকে ধৰি সকলোকে একগোট হৈ কাৰ্য ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জিলাখনৰ ১৩ জন কৃষকক সম্বৰ্দ্ধনা জনোৱা হয়। এই মেলাত জিলাখনৰ প্ৰগতিশীল কৃষকসকলে উৎপাদন কৰা বিভিন্ন কৃষিজাত সামগ্ৰী, কৃষি সা-সঁজুলি আদি প্ৰদৰ্শন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।