ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজিৰে পৰা দুদিনীয়া চৰকাৰী সূচীৰে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ মৰিচাছ ভ্ৰমণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজিৰে পৰা দুদিনীয়া চৰকাৰী সূচীৰে মৰিচাছ ভ্ৰমণ কৰিব। ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে দেশখনৰ প্ৰধানমন্ত্রী প্রবীন্দ যুগনাথক সাক্ষাৎ কৰিব আৰু দেশখনৰ অন্যান্য জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। তেওঁ লগতে দেশখনৰ অন্যান্য বিশেষ নেতাসকলৰ সৈতেও মত বিনিময় কৰিব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু মৰিচাছৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ বুজ লোৱাত সহায় কৰিব। মন্ত্ৰ্যালয়ে কয় যে, বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্রমণে উভয় দেশৰ সম্পৰ্ক ত্বৰান্বিত কৰাৰ লগতে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি, সাগৰ দৃষ্টিভংগী আৰু গ্লোবেল ছাউথৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিব। এই ভ্রমণে দুয়োখন দেশৰ বহুমুখী দ্বিপাক্ষিক সম্পর্কক শক্তিশালী কৰাৰ বাবে উভয় পক্ষৰ অবিৰত প্ৰচেষ্টাক নতুন মাত্ৰা প্ৰদান কৰিব আৰু দুয়োখন দেশৰ জনসাধাৰণৰ ঘনিষ্ঠ সম্পর্কক অধিক শক্তিশালী কৰি তুলিব বুলিও বিদেশ মন্ত্রালয়ে প্রকাশ কৰিছে।