আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় কল্যাণ সন্মিলন ২০২৫

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি বম্বে আৰু উচ্চ শিক্ষা বিভাগে আজিৰ পৰা দুদিনীয়া ৰাষ্ট্ৰীয় কল্যাণ সন্মিলন ২০২৫ৰ আয়োজন কৰিছে। এই বৃহৎ সমাৱেশত ২০ খন আই আই টি, ৬খন আই আই আই টি, আৰু ৮খন আই আই এমকে ধৰি ৮২খন উচ্চ শিক্ষানুষ্ঠানক একত্রিত কৰা হ’ব। এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১৪১ গৰাকী অধ্যাপক আৰু ১৩০ জন ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে। সন্মিলনখনৰ কাৰ্যসূচীত তিনিটা গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই আলোচনা চক্ৰৰ বিষয়বস্তুসমূহৰ ভিতৰত ভাৰতীয় উচ্চ শিক্ষাৰ ভৱিষ্যত, মানসিক-সামাজিক উদ্বেগসমূহৰ আগতীয়া চিনাক্তকৰণ আৰু সমাধানৰ উপায়, আৰু সামগ্রিক কল্যাণকামী পৰিৱেশ তন্ত্ৰৰ বাবে সহযোগিতামূলক কাঠামো আদি অন্যতম। সন্মিলনত আয়োজিত কর্মশালাসমূহত অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত মৌলিক দক্ষতা বৃদ্ধি তথা ডিজিটেল শিক্ষাক প্ৰসাৰ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। এই সন্মিলনে শিক্ষানুষ্ঠানসমূহৰ মাজত সহযোগিতাৰ ভেটি স্থাপন কৰাৰ লগতে কেম্পাছসমূহৰ বাবে এটা শক্তিশালী পৰিকাঠামো প্ৰদান কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।