January 9, 2026 8:00 PM | Bodo Sahitya Sabha

printer

আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় অধিৱেশন

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় অধিৱেশন অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যর্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰ্গয়াৰীয়ে ড° মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ, প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰা হয়। দিনৰ চাৰে ১১ বজাত ‘সপোনৰ পৰা গন্তব্য স্থানলৈ, প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল’ শীর্ষক আলোচনাচক্র অনুষ্ঠিত হয়। বিয়লি ৩ বজাত কবি সন্মিলন আৰু চাৰে ৪ বজাত ‘বড়োসকলৰ সমসাময়িক আর্থ-সামাজিক জীৱন অন্বেষণ’ শীর্ষক আলোচনাচক্র অনুষ্ঠিত হয়। সন্ধিয়া ৬ বজাৰ পৰা প্ৰথম প্ৰতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। কাইলৈ স্মৃতিগ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ’ব। পৰহিলৈ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা।