ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজিৰে পৰা ডিমাকুছিৰ দৈমু নগৰ ক্ষেত্ৰত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমু নগৰ ক্ষেত্ৰত অনুষ্ঠিত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনস্থলী লোকে লোকাৰণ্য হৈ পৰে। আজি পুৱা পতাকা উত্তোলন কৰে সভাপতি ড° সুৰ্থ নাৰ্জাৰীয়ে। ছহিদ সকলক পুষ্পাঞ্জলী অর্পন, বড়ো সাহিত্য সভাৰ স্বৰ্গীয় কাণ্ডাৰী সকলক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলী অর্পন, সম্বৰ্ধনা আৰু বটাঁ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আমন্ত্রিত অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃনালিনী দেবী,অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্রজিৎ শৰ্মা, ডিমাছা সাহিত্য সভাৰ সভাপতি আলো নুনিচা থাউচেন, গাৰো সাহিত্য সভাৰ প্রধান সম্পাদক জনকেৰি চাংমা, মিচিং সাহিত্য সভাৰ প্ৰধান সম্পাদক সুমেশ্বৰ পকটাক আদিয়ে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি চিলি, মংগোলিয়া, বাংলাদেশ, কম্বো, মোজাম্বিক আদি দেশৰ ৰাষ্ট্ৰদূতসকলে আজিৰ অধিবেশনস্থলী উপস্থিত হৈ বড়ো সাহিত্য সভাৰ পৰিবেশ উপভোগ কৰি অভিভূত হৈ পৰে। এই অধিবেশন কাইলৈ সামৰণি পৰিব। অধিবেশনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰিব। আকাশবাণী গুৱাহাটী আৰু কোকৰাঝাৰ কেন্দ্ৰই বড়ো সাহিত্য সভাৰ কাইলৈৰ মুকলি অধিবেশনৰ কাৰ্যসূচী দিনৰ বাৰ বজাৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব।