ডাউনলোড
মোবাইল এপ

android apple
signal

January 6, 2025 6:21 PM | Gunotsav Start

printer

আজিৰে পৰা চলিত বছৰৰ গুণোৎসৱৰ শুভাৰম্ভ

বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান উন্নীতকৰণৰ পদক্ষেপ হিচাপে আজি চলিত বছৰৰ গুণোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। ২০১৭ চনৰ পৰা ৰূপায়ণ কৰা এই কাৰ্যসূচীয়ে পাঁচবাৰকৈ সফলতা লাভ কৰাৰ পাছত আজিৰেপৰা ৭ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত আজি ৰাজ্যৰ ১১ খন জিলাৰ ১৬ হাজাৰৰো অধিক বিদ্যালয় সামৰি লোৱা হ’ব। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়সমূহত স্ব-মূল্যায়ন আৰু কাইলৈৰ পৰা ৯ জানুৱাৰীলৈ বহিঃমূল্যায়ন কৰা হ’ব। এই ১১ খন জিলাৰ ১৬ হাজাৰ ৫৬ খন চৰকাৰী প্ৰাদেশিকীকৃত আদর্শ বিদ্যালয়, চাহ বাগিচা আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহ বাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ক সামৰি লোৱা হ’ব। গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ ১৪ লাখ ১১ হাজাৰ ৮৭৮ গৰাকী শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হ’ব। এই কাৰ্যসূচীত ৬ হেজাৰ ৩৬৫ গৰাকী মন্ত্রী, সাংসদ, বিধায়ক, কাৰ্যনিৰ্বাহক সদস্যৰ উপৰি চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰিব।
বৰপেটা জিলাতো আজি গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। জিলাখনৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান, দক্ষিণ বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি প্ৰাতঃ সভাৰ জৰিয়তে গুণোৎসৱৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ ৭টা শিক্ষা খণ্ডৰ দুহেজাৰখনৰো অধিক শিক্ষানুষ্ঠান আৰু ২ লাখ ৩০ হাজাৰ ৮৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ গুণোৎসৱৰ আয়োজন কৰা হৈছে।
শিৱসাগৰ জিলাৰ এহেজাৰ ২৪১ খন শিক্ষানুষ্ঠানৰ ৭০ হাজাৰ ৭১৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি গুণোৎসৱ অনুষ্ঠিত হৈছে। কাৰ্যসূচীৰ তৃতীয় দিনা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু বহিঃমূল্যায়ক ৰূপে উপস্থিত থাকিব। জিলাখনত এই কাৰ্যসূচীৰ বাবে ৪৮২ গৰাকী বিহঃমূল্যায়ক, ১২৩ গৰাকী সমন্বয়ক আৰু এহেজাৰ ২৪১ গৰাকী শিক্ষকক দায়িত্ব দিয়া হৈছে। গুণোৎসৱৰ মূল্যায়ন ৯ জানুৱাৰী পৰ্যন্ত চলিব। জিলাখনত যোৱা বছৰ ৮৯৯ খন বিদ্যালয়ে গুণোৎসৱৰ সময়ত এ-গ্রেড লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।