মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হৈছে। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা পাঁচ বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসৱ শুভাৰম্ভ কৰা হয়। পুৱা ৮ বজাৰ প্ৰসংগ সংগীত-নাটক একাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্র নাথ ওজাই পৰিচালনা কৰে। ইয়াৰ পাছতে বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰিছে। ঔতলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকাই মহোৎসৱৰ বাবে পৱিত্ৰ ভাগৱত বহন কৰিব। ভাগৱত ভ্ৰমণৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা নাম দলসমূহে থিয় নাম পৰিৱেশন কৰিব। আবেলি হ’বলগীয়া মুকলি সভাত সুৰজমল চাহা মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ কুমাৰ চাহু উপস্থিত থাকিব। মহোৎসৱ উপলক্ষে প্রকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্র দাসে উন্মোচন কৰিব। এই অনুষ্ঠানত পুৰীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল’ব। সন্ধিয়া বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীয়ে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব। কাইলৈও কেইবাটাও কাৰ্যসূচী ৰখা হৈছে। কাইলৈ হ’বলগীয়া পালনামত গুৱাহাটীৰ সাৰংগপাণি পাঠকে অংশ ল’ব।
Site Admin | December 3, 2025 8:57 PM | Puri Festival
আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ