আজিৰে পৰা আকাশবাণী গুৱাহাটী বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

■ সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি ৫ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ’ব। দিনৰ ১২ বাজি ৫ মিনিটত প্ৰচাৰ কৰা বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰা হৈছে। একেদৰে ৩ বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে পাঁচ মিনিটৰ বুলেটিন প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। বিয়লি ৫ বাজি ১৫ মিনিট আৰু সন্ধিয়া ৬ বজাৰ বাতৰি এতিয়া ৫ মিনিটৰ পৰিৱৰ্তে ১০ মিনিটৰ বাবে প্ৰচাৰ কৰা হ’ব। প্ৰতি মঙলবাৰে ১ বাজি ২০ মিনিটত প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি ৩ বাজি ৫ মিনিটৰ পৰা ৩ বাজি ১৫ মিনিটলৈ প্ৰাসংগিক প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটো প্ৰতিনিশা ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২৫ মিনিটলৈ পুনৰ প্ৰচাৰ কৰা হ’ব। ইপিনে প্রতি সোমবাৰে প্ৰচাৰিত ক্ৰীড়া বাৰ্তাৰ সময় ৫ মিনিট হ্ৰাস কৰা হৈছে। এই অনুসৰি আজিৰেপৰা সন্ধিয়া ৬ বাজি ৪০ মিনিটৰ পৰা ৬ বাজি ৪৫ মিনিটলৈ ক্ৰীড়া বাৰ্তা প্ৰচাৰ কৰা হ’ব।