আজিৰে পৰা আই আই টি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান আঁচনি ২০২৫ৰ অধীনত বাছনি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ৫ দিনীয়া পৰামৰ্শদান শিবিৰ

মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান আঁচনি ২০২৫ৰ অধীনত বাছনি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পাঁচ-দিনীয়া পৰামৰ্শদান শিবিৰ আজিৰে পৰা আই আই টি গুৱাহাটীত অনুষ্ঠিত হৈছে। উচ্চস্তৰৰ বিজ্ঞান আন্তঃগাঁথনি তথা বিজ্ঞানসন্মত বিষয়ৰ প্ৰত্যক্ষ অভিজ্ঞতা আহৰণৰ সুযোগ দিয়াৰ বাবে আই আই টি গুৱাহাটীৰ তত্বাৱধানত এই শিবিৰ মুকলি কৰা হৈছে। উন্নত মানৰ বাছনি প্ৰক্ৰিয়াই ৰাজ্যখনৰ বিভিন্ন জিলাৰ শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত অধ্যয়নৰত ৪০গৰাকী শিক্ষাৰ্থীক এইবাৰ উদীয়মান বিজ্ঞান প্ৰতিভাৰূপে বাছনি কৰা হৈছে। অহা ৮ আগষ্টলৈ চলিবলগীয়া এই শিবিৰত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক আই আি টি গুৱাহাটীৰ অধ্যাপক আৰু গৱেষকসকলে মৌললিক বিজ্ঞানৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ লগতে আধুনিক বিজ্ঞানৰ ধ্যান-ধাৰণা সম্পৰ্কে অৱগত কৰিব। তদুপৰি বিজ্ঞানৰ উদ্ভাৱনমূলক কাম-কাজৰ বিষয়েও তেওঁলোকক অৱগত কৰোৱা হ’ব। শিক্ষাৰ্থীসকলে বিজ্ঞানাগাৰত হাতে-কামে বিজ্ঞান শিক্ষাৰ অভিজ্ঞতা আহৰণৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত নৱপ্ৰজন্মৰ মাজত বিজ্ঞানসন্মত মানসিকতা গঢ়ি তোলাৰ বাবে ২০২৪ চনত মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিখন ৰূপায়ণ কৰা হৈছিল। যোৱা বছৰ ৰাজ্যৰ ১০০গৰাকী ছাত্ৰ-ছাত্ৰীক বাছনি কৰি আই আই টি গুৱাহাটীত প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়াৰ পাছত বাংগালোৰলৈ লৈ গৈ ভাৰতীয় বিজ্ঞান প্রতিষ্ঠান আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চৌহদত প্রত্যক্ষ অভিজ্ঞতা লাভৰ সুযোগ দিয়া হৈছিল। তেওঁলোকৰ মাজৰ পাঁচগৰাকী উদীয়মান বিজ্ঞান প্রতিভাক ইংলেণ্ডলৈ নি অক্সফ’ৰ্ড, কেম্বৰিজ আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ বিজ্ঞানাগাৰ চোৱাৰ আৰু বিজ্ঞানীসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ দিয়া হৈছিল। আজি বিজ্ঞান প্রশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ বিশেষ সচিব তথা মহাকাশ বিজ্ঞানী পি এল এন ৰাজু, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল, এষ্টেকৰ সঞ্চালক ড০ জয়দীপ বৰুৱাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।