আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য হৈছে। আজি তৃতীয় দিনৰ খেলৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত তিনি উইকেটৰ বিনিময়ত ৭৮ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগতে ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৬০২ ৰানৰ প্ৰত্যুত্তৰত অসমে প্রথম ইনিংছত ২৩৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। অসমৰ হৈ শিৱশংকৰ ৰয়ে সৰ্বোচ্চ ৮৪ ৰানৰ বৰঙণি আগবঢ়ায়। খেলখনৰ এটা দিন বাকী থকা অৱস্থাত অসম এতিয়াও ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৰান সংখ্যাতকৈ ২৮৬ ৰানত পিছ পৰি আছে।
Site Admin | November 10, 2025 7:32 PM | Agartala | Akashvani | Akashvani Guwahati | Assam cricket | Assam Sports
আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য